অসম

ৰাভা হাছং পৰিষদৰ মুঠ ৩৬ হাজাৰ হিতাধিকাৰীলৈ অনুদান সামগ্ৰী বিতৰণ

সংবাদদাতা, দুধনৈ:- ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত পৰিষদৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ এক আঁচনিৰে মুঠ ৩৬ হেজাৰ দুখীয়া পৰিয়ালৰ হিতাধিকাৰীলৈ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখ্য যে এই ৩৬ হেজাৰ হিতাধিকাৰীৰ ভিতৰত প্ৰায় ২৫ হেজাৰেই মহিলা হিতাধিকাৰী। বৰ্তমান ৰাভা হাছঙত চাৰিটা স্তৰত উন্নয়নৰ গতিধাৰা অব্যাহত আছে। ৰাভা হাছঙত সাংসদ, বিধায়ক, পঞ্চায়তৰ লগতে পৰিষদীয় অনুদান পূঁজিৰেও চলি আছে বিভিন্ন উন্নয়ন মুলক কামকাজ। অসম চৰকাৰে ৰাভা হাছঙলৈ আগবঢ়োৱা সীমিত পূঁজিৰে পৰিষদে এনেদৰে আজিলৈ অব্যাহত ৰাখিছে উন্নয়নৰ গতিধাৰা। বিভিন্ন উন্নয়ন মুলক কামৰ উপৰিও সৰ্বসাধাৰণ ৰাইজক ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদে বিতৰণ কৰি আহিছে বিভিন্ন অনুদান সামগ্ৰী। সম-বিকাশ, সম-উন্নয়ন আৰু সম-অধিকাৰৰ বাণীৰে গঠিত ৰাভা হাছঙৰ বৰ্তমানৰ পৰিষদখনে পৰিষদীয় এলেকাৰ বিভিন্ন জাতি-জনগোষ্টীৰ ৰাইজক সামৰি বিতৰণ কৰি আহিছে বিভিন্ন বিভাগৰ অনুদান সামগ্ৰী। তাৰে অংশ স্বৰূপে ৰাভা হাছং পৰিষদৰ ৭ নং দক্ষিণ দুধনৈ সমষ্টিৰ অন্তৰ্গত গাওঁ সমূহৰ ৰাইজৰ মাজত আজি বিতৰণ কৰিলে বিভিন্ন অনুদান সামগ্ৰী। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই অনুদান বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক, ক্ৰীড়া, ৰেচম আদি বিভিন্ন বিভাগকে ধৰি মহিলা হিতাধিকাৰী সকললৈ বিতৰণ কৰিলে সূতা। গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ সুবিধাৰ বাবে ফুটবল, ভলীবল, কেৰমবোৰ্ড, মুগা পালক সকলৈ প্ৰয়োজনীয় সামগ্ৰী, সাংস্কৃতিক কৰ্মী সকললৈ হাৰমণিয়াম, ইত্যাদি বিতৰণ কৰাৰ লগতে চচপেন ইত্যাদিও বিতৰণ কৰে। আনহাতে এই অঞ্চলটো হস্তী মানুহৰ সংঘাত প্ৰবণ অঞ্চল হোৱাৰ বাবে কেবাগৰাকী কৃষকৰ মাজত চাৰ্জ লাইট বিতৰণ কৰা হয়। সকলো সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। কৰণা কালীন পৰিস্থিতিত দিশহাৰা হোৱা জনতাক এই অনুদানে সামান্য পৰিমাণে হলেও সকাহ প্ৰদান কৰি উপকৃত কৰিব বুলিও মন্তব্য প্ৰদান কৰে ৰাভা হাছং চিফ গৰাকীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: