অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ “কিচমে কিটনা হ্যে দম” অনুষ্ঠানৰ গ্ৰেণ্ড ফাইনেললৈ নিৰ্বাচিত নগাঁৱৰ “দ্ৰোণাচাৰ্য্য ৰিডম অৱ দ্যা আৰ্ট”

সংবাদদাতা, পুৰণিগুদাম:- ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিলিভিছনৰ “কিচ মে কিটনা হ্যে দম” নামৰ ৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি প্ৰায় তিনিমাহৰ অনুশীলনৰ পাছত গ্ৰেণ্ড ফাইনেলত নিৰ্বাচিত হোৱা নগাঁৱৰ “দ্ৰোণাচাৰ্য্য ৰিডম অৱ দ্যা আৰ্ট” নামৰ গ্ৰোপটোৱে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে নগাঁওবাসী ৰাইজলৈ

গৌৰৱ কঢ়িয়াই আনিছে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায় ৰিয়েলিটি শ্ব’ “কিচ মে কিটনা হে দম” অনুষ্ঠানটোৱে অনলাইনৰ যোগেদিয়েই সম্পূৰ্ণ অনুষ্ঠানটো পৰ্যায়ক্ৰমে কৰি গৈছিল। তিনি মাহৰ অন্তৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফাইনেলত নিৰ্বাচিত হোৱা নগাঁৱৰ

“দ্ৰোণাচাৰ্য্য ৰিডম অৱ দ্যা আৰ্ট” নামৰ ১৬জনীয়া ছাত্র-ছাত্রীসকল এক কঠোৰ অনুশীলনেৰে ফাইনেলৰ কাৰণে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ছাত্র-ছাত্রী সকলৰ লগতে গ্ৰোপটোৰ পৰিচালক অঞ্জন কৌশিক শৰ্মাই অহা ৭ আগষ্টত হ’বলগীয়া ৰিয়েলিটি শ্ব “কিচমে কিটনা হ্যে দম” অনুষ্ঠানটো প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: