অসম

ৰূপহীহাটৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত দুজন

সংবাদদাতা, জুৰীয়া:- ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰূপহী কলেজ ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ছাত্ৰী গৰাকীয়ে ঘৰৰ পৰা কলেজলৈ গৈ থকা সময়ত সংঘটিত হয় এই পথ দুৰ্ঘটনা। স্কুটি আৰু বাইকৰ মুখামুখি সংৰ্ঘৰ ফলত গুৰুত্বৰ বাবে আহত হয় ৰূপহী মহাবিদ্যালয় ছাত্ৰী মাচুদা বেগমৰ লগতে বাইক চালক। শিঙিমাৰীৰ পৰা নগাঁও অভিমুখে গৈ থকা সময়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটিখন নম্বৰ হল AS-02AF – 4672 আনখন নম্বৰ বিহীন বাইক। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আহত কেইজনক চিকিৎসালৈ প্ৰৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: