অসম

ৰূপহীহাটৰ বৰতলত পথ ডকাইতি

সংবাদদাতা, জুৰীয়া: নগাঁও জিলাৰ ৰূপহীহাটত আজি দিনতে ডকাইতৰ দলে লুটি নিয়ে কেইবা লক্ষাধিক টকা। জানিব পৰা মতে, আজি বিয়লি ৪ বজাত আমবাগানৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত এ এচ ০২ বি চি ০৭৪৮ নম্বৰৰ মেজিক গাড়ীখনক ৬ জনীয়া ডকাইতৰ দলটো এটাই আগুচি ধৰে।

ডকাইতৰ দলটো তিনিখন মটৰ চাইকেলত আহিছিল বুলি জানিব পৰা গৈছে। দলটোৱে মেজিক গাড়ীখনত অহা দুজন ব্যৱসায়িক পিষ্টল দেখুৱাই নগদ ৫ লাখ টকা লুটি নিয়ে ডকাইতৰ। দলটোৱে মটৰ চাইকেলৰ নম্বৰ প্লেট ঢাকি আহিছিল। ডকাইতি সংঘটিত কৰি দলটো সেই স্থানৰ পৰা পলায়ন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: