অসম

ৰূপহীহাটৰ যুৱকৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ

আৰক্ষীৰ মতে ক্ৰিকেট জুৱাৰ ছিণ্ডিকেট চলিছিল : মাটিৰ মালিকসহ পাঁচজনক আটক : ন্যায়িক তদন্তৰ দাবী আমছুৰ

সংবাদদাতা, জুৰীয়া : নগাঁও জিলাৰ ৰূপহীবিলত বুৰি মৃত্যু হোৱা ছোহেইব আখতাৰ নামৰ যুৱক জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হয়। আৰক্ষী অধীক্ষকজনে গেৰেকীত উপস্থিত হৈ ক্ষেত্ৰভিত্তিক তদন্ত চলায়। তেওঁ কোনো ধৰণৰ ভয় নকৰাকৈ চাক্ষুষ সাক্ষ্য দিবলৈ ৰাইজক আহ্বান জনায়। আজি আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্যও গ্ৰহণ কৰে। উল্লেখযোগ্য যে কালি ৰহস্যজনক পৰিস্থিতিত ছোহেইব আখতাৰ নামৰ যুৱকজনৰ ৰূপহীবিলত বুৰি মৃত্যু হৈছিল। যুৱকজনৰ পৰিয়ালে ক্ৰিকেট খেলি থকা অৱস্থাত লকডাউন অমান্য কৰাৰ অভিযোগ তুলি ছোহাইব আখতাৰক আৰক্ষীয়ে নিৰ্মভাবে প্ৰহাৰ কৰিছিল।

পিচত আৰক্ষীৰ অধিক আক্ৰমণৰ পৰা হাত সাৰিবলৈ যুৱকজনে বিলত জপিয়াই দিয়াৰ ফলত পানীত বুৰি মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।ইয়াৰ বিপৰীতে আৰক্ষী সূত্ৰই আৰক্ষীক দেখিয়েই পলায়ন কৰি বিলত জপিয়াই দিয়াৰ ফলত ছোহেইব আখতাৰে মৃত্যুক সাৱতি লোৱা বুলি মন্তব্য কৰিছিল। আজি আৰক্ষী অধীক্ষকৰ সন্মুখতো যুৱকজনৰ পৰিয়ালৰ লোকে কান্দি কান্দি ন্যায় বিচাৰে। পৰিয়ালৰলোকে যুৱকজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইপিনে আৰক্ষী অধীক্ষকজনে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য গ্ৰহণ কৰাৰ পিচত সাংবাদিকৰ সন্মুখত যুৱকজনে বিলত জপিয়াই পৰিহে মৃত্যু সাৱতি লয় বুলি মন্তব্য কৰে। আৰক্ষী অধীক্ষকজনে জনায় যে-

সেই ঠাইত ক্ৰিকেট জুৱাৰ এক ছিণ্ডিকেট চলি আছে। ইতিমধ্যে আৰক্ষীয়ে ক্ৰিকেট জুৱাৰ ছিণ্ডিকেট চলোৱা মাটি ডোখৰৰ মালিক ইমদাদুল হোছেইনক আটক কৰিছে বুলিও আৰক্ষী অধীক্ষকজনে সদৰি কৰে। অন্যহাতেদি কালি নিশা পৰিস্থিতি অৱনতি ঘটোৱা,আৰক্ষীক উদ্দেশ্যি শিলাবৰ্ষণ কৰা আদি অভিযোগত আৰক্ষীয়ে মিজানুৰ ৰহমান, মোস্তাফিজুৰ ৰহমান, জুৱেল আহমেদ আৰু ইক্ৰামুল হোছেইন নামৰ চাৰিজন যুৱকক আটক কৰিছে। আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ক্ৰিকেট জুৱাৰ ছিণ্ডিকেট চলোৱা আৰু কালি নিশা আৰক্ষীক উদেশ্যি শিলাবৰ্ষণ কৰা প্ৰতিজন ব্যক্তিকে আৰক্ষীয়ে আটক কৰিব।স্থানীয় ৰাইজে অৱশ্যে আটকাধীন এই চাৰি যুৱকে ঘটনাটোৰ উচিত

তদন্তৰ দাবীহে উত্থাপন কৰিছিল বুলি মন্তব্য কৰে।আনপিনেদি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে এই ঘটনাটোৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে। আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামৰ নেতৃত্বত এটা প্ৰতিনিধি দলে মৃত যুৱক জনৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে উক্ত ঘটনাৰ তদন্তৰ দাবী জনায়। আমছুৱে মৃত যুৱকজন পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এক কালীন সাহাৰ্য প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়। একেদৰে ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে কোৱাৰ দৰে এই ঘটনাৰ আঁঁৰত যদি

কোনো অপৰাধী চক্ৰ জড়িতহৈ আছে তেন্তে তেনে অপৰাধী চক্ৰক পুলিয়ে – পোখাই উৎখাত কৰা হওঁক।অন্যহাতেদি যদি কোনো আৰক্ষী জোৱান বা বিষয়াৰ বেপৰোৱা চিন্তাধাৰা বা উদ্ভণ্ডালিৰ পৰিণতিত এই কৰুণ ঘটনা সংঘটিত হৈছে তেনেহলে সেই আৰক্ষী বিষয়া বা জোৱানক এনে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওঁক যাতে ভবিষ্যতে কোনো আৰক্ষীৰ লোকে এনে কাণ্ড সংঘটিত কৰাৰ সাহস নাপায়।তেওঁ আৰক্ষী অধীক্ষক জনক সমগ্র ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনায়।ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাইও ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদানৰ আহ্বান জনায়।

ReplyForward
Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: