অসম

অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা, মাজুলী জিলা সমিতিৰ উদ্যোগত ৰাজহুৱা সভা সম্পন্ন

সংবাদদাতা, কমলাবাৰী:- মাজুলী জিলাৰ অনুসূচিত জাতিৰ কেইবাটাও সংগঠনৰ বিষয়ববীয়া আৰু অনুসূচিত জাতিৰ বিশিষ্ট শিক্ষাবিদ ,সমাজকৰ্মী সকলোকে মুখ্য কৰি মাজুলীৰ ইমূৰৰ পৰা সিমূৰৰ বিভিন্ন অঞ্চলৰ প্ৰতিনিধি তথা নেতৃস্থানীয় অৰ্ধশতাধিক সদস্যৰ উপস্থিতিৰে  আয়োজন কৰা উক্ত ৰাজহুৱা সভাখনিত অনুসূচিত জাতিৰ কেতবোৰ প্ৰধান সমস্যাৰ ওপৰত আলোচনা কৰা হয়।  বিশিষ্ট শিক্ষাবিদ,মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ আনন্দ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাখনিত উপস্থিত থকা জাতিৰ পিতামহ স্বৰূপ আন এগৰাকী বিশিষ্ট শিক্ষাবিদ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী যুত সোমনাথ দাস দেৱ, অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত নৃপেন দাস,মাজুলী জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক  শ্ৰীযুত দেৱজিত হাজৰিকা আৰু সম্পাদক শ্ৰীযুত নিপেন সৰকাৰ, 

প্ৰবীণ সমাজকৰ্মী শ্ৰীযুত ৰামনাথ দাস , অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ মুখ্য উপদেষ্টা শিক্ষক শ্ৰী নিতুল হাজৰিকা, অনুসূচিত জাতি পৰিষদৰ প্ৰাক্তন সম্পাদক শিক্ষক শ্ৰীযুত বগাধৰ দাস ,বিশিষ্ট সমাজকৰ্মী, বন বিষয়া শ্ৰীযুত অতুল দাস কৈৱৰ্ত ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী ৰামচন্দ্ৰ দাস, প্ৰাক্তন ছাত্ৰ নেতা শিক্ষক শ্ৰীযুত অমৃত দাস আদি কৰি উপস্থিত বহু কেইগৰাকী সন্মানীয় ব্যক্তি তথা সদস্যবৃন্দ ই জাতিৰ বিভিন্ন সমস্যা ৰাজিৰ ওপৰত অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা, অনুসূচিত জাতি পৰিষদ, কৈৱৰ্ত ছাত্ৰ সন্থা, কৈৱৰ্ত নৱজাগৰণ সাহিত্য মঞ্চ আদি কৰি বিভিন্ন দল সংগঠনৰ ভালে সংখ্যক জ্যেষ্ঠ ব্যক্তিবিশেষ আৰু অৰ্ধশতাধিক উদ্যমী যুৱ সদস্যৰ উপস্থিতিত বান গড়াখহনীয়া, পুনঃসংস্থাপন, ভূমি পট্টা, জাতিগত প্ৰমাণ পত্ৰ আৰু জালিয়াতি, বেকলগ পূৰণ, প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনা প্ৰমুখ্যে অনুসূচিত জাতিৰ বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ ৰূপায়ণ আদি বিষয় সমূহৰ ওপৰত বিস্তৃত আলোকপাত কৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখ্য যে ,  আজিৰ সভাত মাজুলী জিলাৰ অনুসূচিত জাতিৰ কেইবাটাও দল সংগঠনৰ বিষয়বীয়া সকলক লগত লৈ এখনি যৌথ সমন্বয়ৰক্ষী তদাৰক সমিতি গঠন কৰা হয় আৰু অনুসূচিত জাতিৰ যিকোনো ধৰণৰ সমস্যা সম্বন্ধীয় বিষয় সমূহত জিলা প্ৰশাসন আৰু চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবলৈ সভাই উক্ত সমিতিখনক কৰ্তৃত্ব প্ৰদান কৰে আৰু এই প্ৰস্তাৱ জিলা উপায়ুক্তৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰি অনুমোদন লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনুসূচি জাতিৰ সংগঠনৰ নামত কেৱল দুটা মান চিল মোহৰ তৈয়াৰ কৰি লৈ ৰাইজৰ স্বাৰ্থৰ প্ৰতি পিঠি দি যি সকল স্বয়ম্ভূ নেতাই কেৱল বিভিন্ন বিভাগৰ কাৰ্যালয় সমূহত নিজৰ ব্যক্তিগতস্বাৰ্থ সিদ্ধিৰ বাবে আত্মনিয়োগ কৰিছে তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ স্বয়ম্ভূ নেতাসকলক সকীয়নি জনাই বহু কেইজন বক্তাই মন্তব্য প্ৰদান কৰে ।

ইয়াৰোপৰি পূৰ্বতে ভুল তথ্য দি  যি সকল অনা অনুসূচিত জাতিৰ লোকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল তেনে ভুৱা অনুসূচিত জাতিৰ লোক সকলক মাজুলী জিলাৰ অনুসূচিত জাতিৰ লোক সকলে কেতিয়াও বৈধ বুলি মানি লব নোৱাৰে বুলি মত পোষণ কৰাৰ লগতে তেনে কাৰ্যত জড়িত কোনো অনুসূচিত জাতিৰ লোকৰ তথ্যভিত্তিক প্ৰমাণ পালে জাতি দ্ৰোহী বুলি অভিহিত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সভাত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত সমূহৰ বিপৰীতে  সভাৰ বাহিৰত থাকি আন কোনো লোকে  মতানৈক্য সৃষ্টি কৰিব খুজিলে সেই সমূহ গ্ৰহণযোগ্য নহ’ব বুলিও সভাত সিদ্ধান্ত লোৱা হয়। একাৰ্থত মাজুলী জিলাৰ অনুসূচিত জাতিৰ সকলো পক্ষৰ উপস্থিতিত একতাৰ  বান্ধোনেৰে জাতিটোৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাত উক্ত সভাখনিয়ে নতুন সূৰুযৰ সূচনা কৰা বুলি অনুসূচিত জাতিৰ বিদ্বৎ মহলে মত পোষণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: