অসম

অৰুণাচল প্ৰদেশৰ নামচাইত আটক এজন NSCN কেডাৰ

সংবাদদাতা, কাকপথাৰ:- চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত কৌপাটনি গাঁৱৰ পৰা মঙ্গলবাৰে আবেলি নামচাই আৰক্ষী, দ্বিতীয় আই: আৰ: বি: এন: আৰু ১৮৬ নং চি: আৰ: পি: এফ: বাহিনীৰ যৌথ অভিযানত এনএছচিএন (ইউ)ৰ এজন এৰিয়া কমাণ্ডাৰক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা কেডাৰজন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত লেকাং গোসাঁই গাঁৱৰ বুলি জানিব পৰা গৈছে।

আটক কৰা কেডাৰজনৰ নাম মিনেশ্বৰ দিহিঙীয়া ওৰফে পাইলত। কেডাৰজনৰ পৰা মেগজিনসহ এটা .৩৮ পিষ্টল, পাঁচটা সজীৱ গুলি, এটা মোবাইল ফোন, দুখন এটিএম কাৰ্ডৰ লগত বিভিন্ন সামগ্ৰী অৰুণাচল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। কেডাৰজনৰ বিৰুদ্ধে বিভিন্ন থানাত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে।

গোচৰসমূহ ক্ৰমে মহাদেৱপুৰ থানাৰ গোচৰ নং 12/2011 u/s 365/302/201 IPC, গোচৰ নং 03/2013 u/s 364(A)/392/34 IPC R/W Sec 25 of Arms Act গোচৰ নং 08/2021 u/s 392 IPC, নামচাই থানাৰ 18/2021 u/s 384/511/506 IPC আৰু অপৰাধ শাখাৰ গোচৰ নং 03/2021 u/s 384 IPC R/W 25 (1) (B) Arms Act।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: