অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকৰ অৰ্জন তেজপুৰৰ বোৱাৰী ৰূপামনি পটঙ্গীয়াৰ

শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশচন্দ্ৰ দাসৰ উষ্ম আদৰণি

সংবাদদাতা, জামুগুৰিহাট:- নেপালত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নচিপ পৰ্যায়ত সোণৰ পদকৰে সুনাম অৰ্জন কৰে উষানগৰী তেজপুৰৰ বোৱাৰী তথা শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জুনিয়ৰ এচিছটেন্ত হিচাপে কৰ্মৰত ৰূপামনি পটঙ্গীয়াই। তেজপুৰৰ বালিপুখুৰী তিনিআলী নিবাসী ৪৭ বছৰীয়া ৰূপামনিয়ে নিজৰ ঘৰুৱা কৰ্ম দ্বায়িত্বৰ লগতে চাকৰিৰ কামৰ সমান্তৰালকৈ ২০১২ চনৰ পৰাই ক্ৰিয়া জগতত প্ৰৱেশ কৰি কঠোৰ অনুশীলনৰে আগবাঢ়িছিল বুলি আমাক জানিবলৈ দিয়ে। কেতিয়াও জীৱন যুঁজত হাৰ নমনা ৰূপামনিয়ে কঠোৰ অনুশীলন অব্যাহত ৰাখি

পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ২০২০ বৰ্ষত হায়ড্ৰবাদত খেল প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰাৰ লগতে ২০২১ বৰ্ষত কাৰ্বি আলঙত ৰাজ্যিক ভিত্তিত ‘জেবলিং থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে ২০২১ বৰ্ষতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেপালত অনুষ্ঠিত কৰা ‘হামাৰ থ্ৰ’ত সোণৰ পদক লাভ কৰি শোণিতপুৰ তথা উষানগৰী তেজপুৰলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তেজপুৰৰ বোৱাৰী তথা শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত ৰূপামনিৰ এনে বৃহৎ সফলতাৰ বাবে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে আন্তৰিক অভিনন্দন তথা উষ্ম আদৰণি জনোৱাৰ লগতে তেজপুৰবাসীয়ে আন্তৰিকতাৰে শলাগ লয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: