অসম

নাগালেণ্ড-মণিপুৰৰ পৃষ্ঠপোষকতাতে চলিছে নেকি মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা ?

কেইবাজনো ড্ৰাগছ ব্যাৱসায়ী আটক লাহৰীঘাটত

সংবাদদাতা, লাহৰীঘাট: ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। যুৱ প্ৰজন্মৰ বাবে অভিশাপস্বৰূপ তথা তিলতিলকৈ মূত্যুৰ মুখলৈ ঠেলি দিছে ড্ৰাগছে। মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাটকে ধৰি বিভিন্ন অঞ্চলসমূহত। বজাৰৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চললৈকে সকলোতে এতিয়া সুলভ হৈ পৰা এই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যখনৰ

আৰক্ষীয়ে চলোৱা কঠোৰ অভিযানক লৈ ৰাইজৰ মাজত গভীৰ সন্তুষ্টি পৰিলক্ষিত হৈছে যদিও লাহৰীঘাট অঞ্চলত এতিয়াও অতি সন্তৰ্পণে চুকে কোনে বিয়পি পৰিছে নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা। হেৰ’ইন ব্ৰাউন চুগাৰ নিচাজাতীয় দ্ৰব্যৰ এই বূহৎ অসাধু চক্ৰটো ইমানেই শক্তিশালী যে আৰক্ষী প্ৰশাসনে আজিলৈকে চক্ৰটোৰ মুল অপৰাধীক সকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম

হোৱা নাই। যাৰ ফলত অঞ্চল সমূহত দ্ৰুত গতিত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা। অৱশ্যে যোৱাকেইটামান দিনত লাহৰীঘাট আৰক্ষীয়ে কেইবাটাও ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ১৪ জনকৈ ড্ৰাগছ সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। একাংশ ড্ৰাগছ সৰবৰাহকাৰী এতিয়াও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

অসম আৰক্ষী অধিক সষ্ঠম হৈ পৰাৰ লগে লগেই ড্ৰাগছ ব্যাৱসায়ীসকলে পূৰ্বৰ ব্যাৱসায়ৰ সকলো নীতি নিয়ম সলনি কৰি নতুন পদ্ধতিৰে চলাই নিছে এই অবৈধ বেহা। এচাম ছদ্মবেশী অসাধু লোকে গোপনে চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা। মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ বাবেই বৰ্তমান লাহৰীঘাট অঞ্চলত বহু ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ ক্ৰয়ৰ ধন নাপায় বিভিন্ন

অসামাজিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। বহু ফুলকুলীয়া কিশোৰ যুৱকে বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হোৱাৰ কাৰণটো হৈছে ড্ৰাগছ লোৱাৰ বাবে ধনৰ অভাৱ। জানিব পৰা মতে মনিপুৰৰ, নাগালেণ্ড অৰ্থাৎ বহিৰাজ্যৰ একাংশ অসাধু লোকৰ পূষ্টপোষকতাত লাহৰীঘাটকে ধৰি বৃহত্তৰ অঞ্চলটোত গঢ়ি উঠিছে নেকি মাৰাত্মক ড্ৰাগছৰ এই বিশাল সাম্ৰাজ্যখন? সেয়ে

লাহৰীঘাট ভূৰাগাও আৰক্ষী প্ৰশাসনে এই অসাধু ব্যাৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যাৱস্থা ল’বলৈ ৰাইজে দাবী জনাইছে। লগতে ৰাইজে এই বুলিও দাবী জনাইছে যে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যাৱসায়ী সকলে যাতে আইনী সুৰঙাৰে অচিৰেই জামীনত মুক্তি নাপায় তাৰ প্ৰতি আৰক্ষীয়ে অতি কঠোৰ হৈ এই দিশটোও ভাল কৈ পৰ্যবেক্ষণ কৰিব লাগে বুলি সচেতন মহলে দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: