অসম

মণিপুৰৰ ইম্ফলত উগ্ৰপন্থীৰ গুলিত নিহত লাহৰীঘাটৰ যুৱক

সংবাদদাতা, লাহৰীঘাট: কৰ’না মহামাৰীৰ ফলত দিয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ জনসাধাৰণ আৰ্থিকভাবে জুৰুলা হৈ পৰিছে আৰু এমুঠি অন্নৰ ভাবে হাহাকাৰ কৰি ফুৰিছে একাংশই। এনে সময়তে পেটৰ তাড়নাত মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ পৰা এটি ১২জনীয়া যুৱকৰ দল মণিপুৰৰ ইম্ফলত কৰ্মৰ সন্ধান বিচাৰি যায়। তাত দুমাহ পকী দলঙৰ কাম কৰাৰ পিছত তিনিজন ঘৰলৈ গুচি আহে আৰু ৯ জন তাতে কিছু দুৰত্বৰ আন এখন দলঙৰ কামত নিয়োজিত হয়। আন দিনৰ দৰে সিদিনাও ৯ নৱেম্বৰত দিনটো কাম কৰি আটাইকেইজন ৰাতিৰ আহাৰ গ্ৰহণ কৰি আশ্ৰয় লোৱা ঠাইতে টুপনি যায়। উল্লেখ্য যে
৯ নৱেম্বৰৰ ৰাতি ‍১১.৪৫ বজাত এই শ্ৰমিক সকল আশ্ৰয় লৈ থকা গৃহত এদল দুৰ্বৃত্তই ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি গুলিচালনা কৰে। দুৰ্বৃত্তৰ গুলিত নিহত হয় লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ আছফান আলীৰ পুত্ৰ ৰিয়াজুল ইছলাম(২৩)। পাছত ইম্ফলৰ পৰা ৰিয়াজুলৰ মৃত দেহ মৰোণোত্তৰ পৰীক্ষা কৰি লাহৰীঘাটৰ দাতিয়ালবড়ীৰ গৃহত আজি আনে আৰু দাতিয়ালবড়ী আঞ্চলিক মছজিদত সহস্ৰাধিক গুণমুগ্ধৰ উস্থিতিত জানাজাৰ নামাজ সম্পন্ন কৰা হয়।

সহজ-সৰল ৰিয়াজুল ইছলামৰ অস্বাভাৱিক মৃত্যুত এই অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ৰিয়াজুল ইছলাম আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। বৃদ্ধ পিতৃ-মাতৃক পোহ-পাল দিয়াৰ বাবে নৱবিবাহিত ৰিয়াজুল ইছলামে এমুঠি অন্নৰ বাবে পৰিয়াল চলোৱা বাবে মনিপুৰৰ ইম্ফলত গৈছিল। দাতিয়াল বড়ীৰ গাঁৱৰ স্থানীয় ৰাইজে চৰকাৰ ওচৰত দাবী জনাইছে দুৰ্বৃত্তৰ গুলিত মৃত্যু হোৱা ৰিয়াজুল ইছলামৰ পৰিয়ালক সাহাৰ্য দিয়াৰ বাবে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: