অসম

পুৰণিগুদামত বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত ১১জন

সংবাদদাতা, পুৰণিগুদাম : নগাঁও জিলাৰ বৃহত্তৰ পুৰণিগুদাম আৰু চলচলিত অভাৱনীয় ভাৱে  ক‘ৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ঘটিছে৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত এলেকা সমূহত আজি ১১ গৰাকী লোকৰ দেহত ক‘ভিড-১৯ পজিটিভ ধৰা পৰিছে।

আজিৰ দিনটোতে পুনৰ চলচলি ৰঙীয়াগাঁৱৰ  ধৰিত্ৰী শইকীয়া(১৮), ইন্দ্ৰ শইকীয়া(২৭), দীপশিখা দেৱী(২০), দৃষ্টিৰাণী বৰা(১৫), হিমাদ্ৰী শইকীয়া(৩০), জীৱন বৰা(৭০), হেমন্ত বৰা(৩৮), হিৰণ্য বৰা(৩৫), শন্তোষ বৰা(৪০), প্ৰজ্ঞান বৰুৱা(২০) আৰু কাষৰিগাঁৱত পিংকুমনি বৰা (৪০) আক্ৰান্ত হয়।

ৰঙীয়াগাঁও এখন বিয়া ঘৰৰ পৰাই গণসংক্ৰমণ সৃষ্টি হোৱা কভিদক লৈ অঞ্চলজুৰি আতংক বিৰাজ কৰিছে । বিশেষকৈ ক‘ভিড সংক্ৰমিত হোৱা সমাজৰ আগশাৰীৰ কৰ্মী সহ  কিছু সংখ্যক লোকে চৰকাৰী ক‘ভিড প্ৰ’টকল মানিব নোখোজাৰ কাৰণেই বেছিকৈ গণ সংক্ৰমণ হৈছে বুলি সচেতন মহলে অভিযোগ  উত্থাপন কৰিছে ৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: