অসম

ঠিকাদাৰ কুলেন হাজৰিকাৰ কাণ্ড : টংলা বৰাখাটত অবৈধ শিল জব্দ

সংবাদদাতা, টংলা : ৰাজ্যত নতুনকৈ গঠন হোৱা চৰকাৰৰখনে গৰু চোৰ, চুপাৰী চিণ্ডিকেট ড্ৰাগছ ব্যৱসায়ী আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে একাংশ ঠিকাদাৰৰ শিল, বালিৰ অবৈধ চিণ্ডিকেট। বিটিচিৰ একাংশ ঘোঁচখোৰ বন বিষয়াৰ সহযোগত কি দৰে একাংশ ঠিকাদাৰে বনজ সম্পদ লুন্ঠন কৰি আহিছে তাৰ প্ৰমাণ হৈছে বিটিচিৰ অন্যতম ওদালগুৰি জিলা। গুৱাহাটী,কামৰূপ, পলাশবাৰী আৰু মঙলদৈ’ৰ একাংশ ঠিকাদাৰৰ বাবে ওদালগুৰি জিলাৰ বনজ সম্পদ হৈ পৰিছে সোণৰ কণী পৰা হাঁহ সদৃশ। 

খবৰ অনুসৰি অসম মালা আঁচনিৰ অধীনত টংলা-মহলীয়াপাৰা-ছিপাঝাৰ পথটি নিৰ্মাণ কৰি আছে দৰং জিলাৰ কুলেন হাজৰিকা নামৰ এগৰাকী অতি বিৰ্তকিত ঠিকাদাৰে। কিন্তু স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বন বিভাগৰ লোক আজি ঘটনাস্থলীত উপস্থিত হৈ হতভম্ব হৈ পৰে, কিয়নো বিতৰ্কিত ঠিকাদাৰজনে কোনো বৈধ কাগজ-প্ৰত্ৰ নোহোৱাকৈ ঘটনাস্থলীত জমা কৰিছিল প্ৰায় তিনি হাজাৰ চিএম শিল। এই ঘটনাই জিলাখনত তীব্র চাঞ্চল‍্যৰ সৃষ্টি

কৰিছে। ইতিমধ্যে বন বিভাগৰ লোকে উক্ত শিলখিনি জব্দ কৰিছে যদিও ঘটনাস্থলীত কোনো লোকক আটক বা সোধ-পোচ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোকে এই সম্পকে জিলা বন বিভাগক শীঘ্ৰে জনোৱা হ’ব বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও বন বিভাগৰ অনুমতি অবিহনে উক্ত ঠাইত অবৈধ ভাৱে কিদৰে শিলৰ পাহাৰ বনাবলৈ সক্ষম হল বুলিও প্ৰশ্ন কৰিছে ? আনহাতে ৰাইজৰ অভিযোগ, জিলা বন বিষয়া গৰাকীয়ে কেৱল ওদালগুৰি সদৰ কাৰ্য্যালয়ত বহি বহিয়ে

তলতীয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়েই বিভাগটো চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে শিল চোৰ ঠিকাদাৰ কুলেন হাজৰিকাৰ আছে বহু কু-কৃৰ্তী। লোকনিৰ্মাণ বিভাগৰ একাংশ ঘোচখোৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি নাম মাত্ৰ কাম কৰিয়ে লাখ লাখ টকা লুন্ঠন কৰাৰ অভিযোগ উত্থাপন উঠি আহিছে। শেহতীয়াভাৱে “কুলশীপাৰ -মৰমীচক” যোৱা পথটি কুলেন শইকীয়াই নিৰ্মাণ কৰাৰ এমাহ পিছতে ভাঙি-চিঙি জৰাজীৰ্ণ পৰিণত হৈছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: