uncatagorised

কাঠৰ প্ৰতিমাখ্যাত ১৩৭ তম্ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ শ্ৰীশ্ৰী দুৰ্গাপূজা প্ৰস্তুতি

নগাওঁ জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত পুৰণিগুদামৰ অমৰ শিল্পী লেখকৰ শৰ্মা তথা লেৰেলা খনিকৰৰ সৃষ্ট কাঠৰ প্ৰতিমাই এইবাৰ ১৩৭ তম বৰ্ষত পদাৰ্পণ কৰিলে। বিগত বৰ্ষ সমূহত বহু উদ্দীপনাৰে পুৰণিগুদামৰ দূৰ্গাপূজা উদযাপন হৈছিল যদিও কভিদ সৃষ্ট পৰিবেশৰ কাৰণে বিগত ২০২০ বৰ্ষটোৰ দৰে এইবাৰো চৰকাৰী নীতি নিৰ্দেশনা মাজেৰে কভিদ প্ৰটকলৰ মাজেৰে দূৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । পাঁচ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা শাৰদীয় দূৰ্গাপূজাৰ ২৪ আহিন সোমবাৰে পুৱা ৬ বজাত দেৱীৰ বোধন আমন্ত্ৰণ অধিবাস, সন্ধ্যা ৭বজাত ষষ্ঠী বিহিত কল্পাৰম্ভ, নিশা ৮ বজাত ষষ্ঠীদি কৰ্মৰ অন্তত মূৰ্তি স্থাপন ।২৫ আহিন মঙ্গলবাৰে পুৱা ৭বজাত জলযাত্ৰা, পুৱা ৮-১৯ বজাত দেৱীৰ নবপত্ৰিকা প্ৰৱেশ আৰু সপ্তমী বিহিত পূজা আৰম্ভ, সন্ধ্যা ৬বজাত আৰতি সম্পন্ন হব। ২৬ আহিন বুধবাৰে পুৱা ৮-২০ বজাত দেৱীৰ মহাষ্টমী বিহিত পূজা আৰম্ভ, সন্ধ্যা ৬বজাত আৰতি, আৰু নিশা ১১-১৫ বজাত সন্ধিপূজা আৰম্ভ হব,। ২৭ আহিন বৃহস্পতিবাৰে পুৱা ৮-১৭ বজাত দেৱীৰ মহানৱমী বিহিত পূজা আৰম্ভ, দিনৰ ১২-১৫ বজাত কুমাৰী পূজা, ১২-৪৫ বজাত হোম,, সন্ধ্যা ৬বজাত আৰতি সম্পন্ন হব। ২৮ আহিন শুক্ৰবাৰ পুৱা ৯ বজাৰ পৰা দেৱীৰ দশমী বিহিত পূজা আৰম্ভ, পুৱা ১০-৩০ বজাৰ পৰা মহাশান্তি আৰু কবচ ধাৰণৰে দুৰ্গা পূজাৰ সমাপ্তি লগতে ২কাতি বুধবাৰে সন্ধ্যা ৭বজাৰ পৰা শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰম্ভ কৰিব বুলি পৰিচালনা সমিতিয়ে জনাইছে । পাচঁ দিনীয়াকৈ অনুষ্টুপীয়া অনুষ্ঠিত কৰিবলৈ লোৱা দুৰ্গাপূজা ভাগ নিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক মূখ্য উপদেষ্টা হিচাপে লৈ মিন্টু শৰ্মাক সভাপতি ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য (কৰুণা) সম্পাদক হিচাপে লৈ এখন ২৯জনীয়া সমিতি গঠন কৰিছে বুলি উদযাপন সমিতিৰ সম্পাদকে জানিবলৈ দিয়াৰ লগতে কভিদ প্ৰটকল ৰক্ষা কৰি ৰাইজৰ উপস্থিত কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button