টংলা ৰ’ছ এন জি অৰ মাটি জালিয়টি কৰি নিজৰ নামত বিক্ৰী
টংলা ৩১ জুলাই■যি সময়ত শাসকীয় চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উঠি পৰি লাগিছে এনেহেন সন্ধিক্ষণত বহু ৰাজহুৱা ভূমি ব্যক্তিগতকৰণ কৰি লোৱাৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ২০০৪ চনৰ ১২ মাৰ্চ তাৰিখে সেই সময়ৰ দৰং মঙ্গলদৈৰ অসম চৰকাৰৰ অৱসায়ন শাখাৰ সমবায় সমিতি সমূহৰ জিলা উপ পঞ্জীয়কে মেমো নম্বৰ- ডি এম চি জি৩৫/৮৩/পি টি-১/২৭২ নম্বৰৰ নির্দেশ অনুসৰি ডাকুৱা মৌজাৰ টংলা টাউনৰ তৌজীবাহী পত্তাৰ ২১৯ নম্বৰ দাগৰ ৩ বিঘা ১ কঠা ১৯ লেছা মাটিৰ ভিতৰত অৱস্হিত অৱসায়ন প্ৰাপ্ত টংলা কো: অপাৰেটিভ মাৰ্কেটিং ছোচাইটি লিমিটেডৰ দীঘলে ৬০ ফুট, বহলে ৩০ ফুট বাৰন্দাসহ টিনপাতৰ পকী উক্ত গুদাম ঘৰটো মুঠ ১৯,৩২৫ টকা গ্ৰহণ কৰি ৰোৰেল অৰগেনাইজেচন ফৰ চচিয়েল চাৰ্ভিছ নামৰ ৰাজহুৱা অনুষ্ঠানটিৰ কৰ্ত্তপক্ষক হস্তান্তৰ কৰে।পিছলৈ অনুষ্ঠানটিয়ে কো: অপাৰেটিভ মাৰ্কেটিং ছোচাইটি লিমিটেডৰ আধৰুৱা হৈ থকা মাটিৰ খাজনা, বিজুলী বিল আদিৰ সকলো লাখ টকা ৰোৰেল অৰগেনাইজেচন ফৰ চচিয়েল চাৰ্ভিছৰ তৰফৰ পৰা পৰিশোধ কৰি উক্ত স্থানৰ ৩ বিঘা ১ কঠা ১৯ লেছা মাটি নিজৰ অধীনলৈ আনি পঞ্জীয়ন কৰা হয় আৰু টংলা টাউন কমিটিয়ে ২০০৪ চনৰ নৱেম্বৰ মাহৰ ২ তাৰিখে ২২৪ হোল্ডিং নম্বৰ দিয়ে। বৰ্তমান পর্যন্ত অনুষ্ঠানটিয়ে মাটিৰ খাজনা পিৰিশোধ কৰি আহিছে যদিও টংলাৰ নিবাসী ৰাজা ৰাম বড়োৰ পুত্ৰ তথা টংলা ইউ কো বেংকৰ কৰ্মচাৰী উজ্জ্বল বড়োয়ে অনুষ্ঠানটিৰ মাটি নিজৰ নামত পঞ্জীয়ন কৰি লৈ ৰাহাম আলিৰ পুত্ৰ বাবুল আহমেদক বিক্ৰী কৰি দিয়ে। আনহাতে স্বৰ্গীয় নিৰ্মল দেউৰীৰ পুত্ৰ বিদ্যা দেউৰীয়েও বে আইনী ভাবে দখল কৰি আছে।চৰকাৰী ৰাজহুৱা মাৰ্কেটিং ছোচাইটি ভূমি কেনেকৈ চৰকাৰে আবন্তন দি ব্যক্তিগত ভাবে পঞ্জীয়ন কৰি বিক্ৰী কৰিব পাৰে বুলি অনুষ্ঠানটিয়ে আভিযোগ কৰে আৰু এই ক্ষেত্ৰত মণ্ডল আৰু কাৰ্যালয় জড়িত বুলি কয়।বৰ্তমান ওদালগুৰি জিলা টংলা থানাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তর্গত উক্ত ভূমি খিনিৰ বিষয়টিক অনুষ্ঠানটিয়ে তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনায়।আনহাতে উক্ত বিষয়তোৰ সন্দৰ্ভত বিচাৰ প্ৰক্ৰিয়া চলি থকা মাজতে কিহৰ ভিত্তিতবাবুল আহমেদে সীমা নিৰ্ধাৰণ কৰি বেৰ দিয়াৰ কাম আৰম্ভ কৰিব পাৰে এইটো এক প্ৰকাৰৰ ৰহস্য বুলি কয় ৰ’জ এন জি অৰ সম্পাদক ললিত বড়োই। আনহাতে প্ৰশাসমক অনতিপলমে বিষয়তো সমাধান কৰিবলৈ দাবী জনায় অনুষ্ঠানটি।