অসম
APDCLৰ আহ্বানঃ আজি নিশা এঘণ্টাৰ বাবে বন্ধ ৰাখক বিদ্যুতৰ চুইটছ

আজি নিশা এটা ঘণ্টাৰ বাবে বন্ধ ৰাখক বিদ্যুতৰ ছুইছ- বিদ্যুৎ বিভাগৰ ফালৰ পৰা সদৰি কৰিছে এই বাৰ্তা। বিদ্যুৎ বিভাগে সাধাৰণ জনতাক আহ্বান জনাইছে এটা ঘণ্টাৰ বাবে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ বাবে। আজি নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ সকলো লাইট বন্ধ ৰখাৰ বাবে আহ্বান। অৱশ্যে অত্যন্ত প্ৰয়োজনীয় বিদ্যুতৰ লাইট বন্ধ নকৰিলেও হ’ব বুলি সদৰি কৰিছে। তাৰ বাহিৰে সকলো প্ৰকাৰৰ লাইট বন্ধ ৰাখিবলৈ আহ্বান জনাইছে অসম বিদ্যুৎ বিভাগৰ এক টুইটৰ জৰিয়তে।