অসম

৮৭ বছৰ বয়সতো থমকি ৰোৱা নাই বিয়াৰামৰ কোৰ

সংবাদদাতা, ধনশিৰি : কৰ্মই ধৰ্ম। এই বাক্যশাৰীকে আখৰে আখৰে পালন কৰি গৈছে এজন ৮৭ বছৰীয়া বৃদ্ধ লোকে। ধনশিৰি মহকুমাৰ মধ্যমপুৰ শান্তিপুৰ গাঁৱৰ বিয়াৰাম খাকলাৰী নামৰ এজন লোকে জীৱনৰ বিয়লি বেলাতো দেখোৱাইছে কৰ্ম সংস্কৃতি। নিজ ঘৰৰ বাৰীতে গঢ়ি তুলিছে কৃষি বিপ্লৱ।

সেউজীয়া পৰিবেশৰ মাজত থাকি ভাল পোৱা এইজন লোকৰ বাৰীত সকলো যাৱতীয় শাক-পাচলি, ফল-মূল আৰু মূল্যবান গছে ভৰি আছে। প্ৰখৰ ৰ’দকো নেওচি জীৱনৰ ৮৭ বছৰ বয়সতো কোৰ মাৰি নিজৰ বাৰী পৰিস্কাৰকৈ ৰখাৰ উপৰিও কৰিছে অজশ্ৰ খেতি।

তেখেতৰ বাৰীত ডাংবদি, বিলাহী, ভেন্দি,  টেঙামৰা, টিয়হ, ৰঙালাও, গাজৰ, কেৰেলা, নেমুটেঙা, মাটি-কঠাল, আম, মধুৰী, কল, তামোল-পান, চেগুণ গছকে ধৰি ঘৰৰ আগফালে থকা বেলিফুলৰ মনোমোহা দৃশ্যই এক সুন্দৰ আৰু আকৰ্ষণীয় পৰিৱেশৰ সৃষ্টি কৰিছে।

বিয়াৰামে ঘৰৰ ভিতৰতকৈ বাৰীৰ সেউজীয়া পৰিবশৰ মাজত থাকি ভাল পায়। নিজে কৰা খেতিৰ ফল-মূল বিলাক যেতিয়া লহপহকৈ বাঢ়ি আহে তেতিয়া তেওঁ আনন্দত আত্মহাৰা হয়। কাম কৰি থকা সময়ত পেতৰ ভোকৰ কথাও পাহৰি যায়।

তেওঁ কৰা শাক-পাচলি ঘৰৰ প্ৰয়োজনৰ জোখাৰে ৰাখি বাকিখিনি বিক্ৰি কৰি দিয়ে। এই সমূহৰ উপৰিও বিয়াৰামে বাঁহ-বেতৰ সকলো কাম কৰে। সঁচাই বিয়াৰামৰ বাৰী আৰু তেওঁৰ কৰ্ম সংস্কৃতিয়ে সমাজৰ সকলো লোককে অনুপ্ৰেৰিত কৰাৰ উপৰিও নৱপ্ৰজন্মৰ মাজত এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: