অসম

দ্বাদশ শ্ৰেণীৰ ছাত্ৰই পলুৱাই নিলে দুটা সন্তানৰ মাতৃক

প্ৰেম জীৱনৰ চালিকা শক্তি। উদযাপনৰ শিৰোনাম প্ৰেম। হৃদয়ৰ চিৰন্তন অনুভুতি প্ৰেম। প্ৰেম তেনেকুৱাই। অতৃপ্তিৰ বাটেৰে বগুৱা বাই হৃদয় জুৰায়। পূৰ্ণতাৰ পৰা শূন্যতালৈ অথবা শূন্যতাৰ পৰা পূৰ্ণতালৈ প্ৰতিটো বাটৰ নামেই প্ৰেম। প্ৰেম মানে কোনো চৰ্ত বা ব্যৱসায় নহয়৷

ই এক অনুভূতি মাত্ৰ, যাক কোনো ভাষা-শব্দ কোনো উপমা, কোনো উপহাৰেৰে ব্যক্ত কৰাব নোৱাৰি৷ নদীৰ ধাৰৰ দৰে বৈ থাকে যি অবিৰাম, যি সাগৰৰ দৰে বিস্তাৰ গভীৰ, কিন্তু শান্ত, সেয়াই প্ৰেম। কিন্তু বৰ্তমান সময়ত সলনি হ’ল প্ৰেমৰ সংজ্ঞা। লকডাইনৰ সময়ছোৱাত নিজকে অন্যধৰণে ব্যস্ততা ৰখা বহুতে এই সময়ছোৱাতে অনুভৱ কৰিলে প্ৰেমৰ অন্যন্য ৰূপ।

কোনোৱে যদি হেৰুওৱা প্ৰেম বিচাৰি পালে কোনোৱে পালে নাৰ্চিচাছ চহৰ এখনৰ ঠিকনা। তাৰ মাজতে অসম মুলুকত সংঘটিত হৈ আছে আজৱ‌ প্ৰেমজনিত ঘটনা। কেতিয়াবা যদি ৫০-৬০ বছৰীয়া বৃদ্ধই পলুৱাই নিছে ১০-১২ বছৰীয়া কিশোৰী, কেতিয়াবা আকৌ ২-৩ সন্তানৰ মাতৃ পলাই যায় ১৫-১৬ বছৰীয়া কিশোৰৰ স’তে।

সঁচাই অসম দেশৰ বিষম কথা এতিয়া চৰ্চিত দেশৰ সামাজিক মাধ্যমত। তেনে এক ঘটনাই সংঘটিত হ’ল নলবাৰী জিলাত। নলবাৰী চামতাৰ ইডেন ভেলি একাডেমীৰ দ্বাদশ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ কৰ্নব তালুকদাৰে পলুৱাই নিলে দুই সন্তানৰ মাতৃক। ৮ জুলাইৰ পুৱা ATMত পইচা উলিয়াবলৈ গৈ সন্ধানহীন থকা ছাত্ৰজনে ঘৰৰ পৰাই উলিয়াই লৈ গ’ল বোৱাৰী প্ৰেয়সী গৰাকীক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: