অসম

আবু নছৰ আহমেদৰ মৃত্যুত ধূলাত শোকৰ ছাঁ

উচ্চ ৰক্তচাপত মৃত্যু হয় প্ৰাক্তন নৌ সেনা বাহিনী আবু নছৰ আহমেদে

সংবাদদাতা, ধূলা : দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাঁৱৰ নিবাসী তথা প্ৰাক্তন ভাৰতীয় নৌ সেনা বাহিনী আবু নছৰ আহমেদ আজি ইং- ৬ মে’ তাৰিখে উচ্চ ৰক্তচাপজনীত কাৰণত ৫২ বছৰ বয়সত আকস্মিকভাৱে কৰুণ মৃত্যুক আঁকোৱালি লয়।

খাটনীয়াপাৰা গাঁৱত  জন্মগ্ৰহণ কৰা  আবু নছৰ আহমেদে সুদীৰ্ঘ ১৫ বছৰ কাল ভাৰতীয় নৌ সেনা বাহিনীত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছিল। সমাজৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিছিল। আবু নছৰে মৃত্যুৰ সময়ত

তেওঁৰ পত্নীৰ লগতে এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। সমাজ সেৱক আবু নছৰৰ মৃত্যুত ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি শিক্ষক মাজব আলি, মঙলদৈ সদৰ আৰক্ষী থানাৰ উপ-পৰিদর্শক ডান্টেজিত দেউৰি আৰু খাটনীয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে গভীৰ শোক প্ৰকাশ কৰে।

ইয়াৰ উপৰিও ধূলাবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে আবু নচৰৰ অকাল মৃত্যুত শোকত ভাগি পৰে। আনহাতে প্ৰাক্তন নৌ সেনা বাহিনী আবু নছৰ আহমেদৰ মৃত্যুত ৬৭ নং মঙলদৈ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক বসন্ত দাসে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: