ক্ৰীড়া

টকিঅ’ ২০২০ : ক’ত, কেতিয়া উপভোগ কৰিব পাৰিব লাভলীনাৰ খেল

নিউজ ডেস্ক:- অতি শক্তিশালী খেলুৱৈৰে এইবাৰ গঠিত হৈছে টকিঅ’ অভিমুখী ভাৰতীয় দল। দলটোত আছে ভাৰতৰ হৈ পূৰ্বে অলিম্পিক পদক জয়ী বক্সাৰ মেৰীকমৰ লগতে পুৰুষৰ শাখাত আছে বিশ্বৰ শীৰ্ষ বক্সাৰ অমিত পংগালৰ দৰে খেলুৱৈ। ৫১ কেজি শাখাত মেৰীকম আৰু ৫২ কেজি শাখাত অমিত পংগালৰ সম্ভাৱনাই অধিক।

ইয়াৰোপৰি সম্ভাৱনাৰ তালিকাত আছে মনিষ কৌশিক, বিকাশ কৃষণৰ লগতে মহিলাৰ শাখাত পূজা ৰাণীৰ লগতে অসমৰ লাভলীনাৰ দৰে খেলুৱৈৰ নাম। ভাৰতৰ হৈ এইবাৰ ৯ গৰাকীকৈ বক্সাৰে অংশগ্ৰহণ কৰিব টকিঅ’ অলিম্পিকত। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ জনসাধাৰনেও অতি উৎসাহেৰে অপেক্ষা কৰিছে অলিম্পিক আৰম্ভ হোৱা দিনটোলৈ।

প্ৰতিযোগিতাখনত ভাৰতে বক্সিঙত যাত্ৰা আৰম্ভ কৰিব ২৪ তাৰিখে। অৰ্থাৎ অলিম্পিক আৰম্ভ হোৱাৰ এদিন পিছতেই বক্সিঙৰ ৰিঙত নামিব ভাৰতীয় বক্সাৰ। অতি উল্লেখনীয় কথাটো হৈছে যে ভাৰতৰ হৈ প্ৰথমখন বক্সিং খেলত ভাগ ল’ব অসমৰ লাভলীনাই। লাভলীনাৰ খেলখন আৰম্ভ হ’ব ভাৰতীয় সময় অনুসৰি পুৱা ৭:৩০ বজাত।

২৪ তাৰিখত ভাৰতৰ তিনিগৰাকীকৈ খেলুৱৈৰ ভাগ্য নিৰ্ণয় হ’ব অলিম্পিকত। অসমৰ লাভলীনাৰ লগতে সেই দিনা মহিলাৰ লাইটৱেইট শাখাত মেৰীকমৰ উপৰিও পুৰুষৰ শাখাত বিকাশ কৃষানেও অংশ ল’ব। মেচখন ভাৰতীয় দৰ্শকে উপভোগ কৰিব পাৰিব চনী টেন-১১ আৰু চনী টেন-২ত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: