অসম

Life In A Puppet : অসমৰ পুতলা নাচৰ বিশ্বমুখী যাত্ৰা; ২২ অক্টোবৰত মুক্তি

সংবাদদাতা, বাহনা:- ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। অহা ২২ অক্টোবৰত স্ব-ভূমিত অৰ্থাৎ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত তথা ৰাজেন দাস পৰিচালিত বহু প্ৰতিক্ষিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট” (Life In A Puppet)। যোৱা দুবছৰে কাৰ্যতঃ বন্ধ হৈ থকা অসমীয়া ছৱিগৃহসমূহত লকডাউনৰ পিছত আহিবলগীয়া প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হব “লাইফ ইন্‌ এ পাপেট”। উল্লেখ্য যে অসম সন্তান ৰাজেন দাসে অসমৰ বিলুপ্তিৰ গৰাহত পৰা প্ৰাচীন লোকশিল্প পুতলা নাচক পুনৰ উজ্বীৱিত কৰাৰ প্ৰয়াসেৰে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰি উলিয়াইছিল “লাইফ ইন্‌ এ পাপেট” (Life In A Puppet)।

২০২০ চনৰ ২৮ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম বোৰ্ডৰ পৰা চেন্সৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”ৰ আৰম্ভ হৈছিল বিশ্বমুখী যাত্ৰা। অসমৰ জাতীয় আবেগ আৰু স্বাভিমানস্বৰূপ পুতলা নাচ “লাইফ ইন্‌ এ পাপেট” (Life In A Puppet) শীৰ্ষক চলচ্চিত্ৰখনৰ মাধ্যমত বিগত নমাহ জুৰি প্ৰচাৰিত হ’ল বিশ্বৰ কেবাখনো দেশৰ চলচ্চিত্ৰ মহোৎসৱত। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰক্ষাপটত চলচ্চিত্ৰখনে কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনেীত হোৱাৰ লগতে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সংগীত শিল্পী আদি শিতানত পুৰস্কৃত হৈ অসমলৈ গৌৰব কঢ়িয়াই আনিছিল।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সংস্থা UNESCO নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত Culture Cinema শীৰ্ষক মহোৎসৱলৈ ছবিখন মনোনীত হৈ বিশ্বজুৰী প্ৰদৰ্শিত হৈছিল য’ত উজলি উঠিছিল অসমৰ পুতলা নাচ। চলচ্চিত্ৰখনৰ এই বিশ্বমুখী যাত্ৰা অব্যাহত থকাৰ সময়তে অহা ২২ অক্টোবৰত স্বভূমি ঝসমত মুক্তিলাভ কৰিব “লাইফ ইন্‌ এ পাপেট” (Life In A Puppet)। লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যেই SOP জাৰি কৰি বন্ধ হৈ থকা চলচ্চিত্ৰ গৃহ সমূহক ক’ভিড প্ৰটকল মানি চলি তলা খুলিবলৈ অনুমতি প্ৰদান কৰিছে। ৰাজ্যৰ লাখ লাখ চলচ্চিত্ৰপ্ৰেমী দৰ্শকক এই খবৰে উৎসাহিত কৰি তোলাৰ সময়তে পৰিচালক ৰাজেন দাসে অসমত “লাইফ ইন্‌ এ পাপেট”(Life In A Puppet)ৰ শুভমুক্তিৰ দিন ঘোষণা কৰি ক’ৰনাকালে বিধ্বস্ত কৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

উল্লেখ্য যে অসমৰ বহুকেইটা চলচ্চিত্ৰগৃহত ইতিমধ্যেই চলচ্চিত্ৰৰ নিয়মীয়া প্ৰদৰ্শন আৰম্ভ হোৱাৰ সমান্তৰালভাৱে কেবাটাও চলচ্চিত্ৰগৃহৰ দুৱাৰ এতিয়াও মুকলি হোৱা নাই। তাৰ মাজতেই ৰাজ্যবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই চলচ্চিত্ৰপ্ৰেমীয়ে আশাৰে বাট চাই থকা চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট” (Life In A Puppet) ছবিগৃহলৈ আহিব ২২ অক্টোবৰত। সেই উপলক্ষত উক্তদিনা দিনৰ ১১ বজাত গুৱাহাটী বেলতলা তিনিআালিস্থত মেট্ৰিস্ক চিনেমাচ্‌ নামৰ মাল্টিপ্লেক্সত অনুষ্ঠিত হ’ব “লাইফ ইন্‌ পাপেট”(Life In A Puppet)ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ।

লকডাউনৰ পৰৱৰ্তী সময়ত আহিবলগীয়া এই প্ৰথমখন চলচ্চিত্ৰক লৈ ইতিমধ্যেই বৃদ্ধি পাইছে চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ উৎকণ্ঠা। গুৱাহাটীৰ মাল্টিপ্লেক্স চলচ্চিত্ৰ গৃহ সমূহৰ লগতে অসমৰ কেবাটাও ছবিগৃহত ছবিখন মুক্তি পাব। যোৰহাটৰ INOXত একেলগে মুক্তি পাব লাইফ ইন এ পাপেট ২২ অক্টোবৰত। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে আশা বৰদলৈ, দিপান্বিতা দাস আৰু পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকাই। সংগীত তৰালি শৰ্মাৰ। ৰাজেন দাসৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ ছবি “লাইফ ইন এ পাপেট” (Life In A Puppet) চাবলৈ দলে বলে ৰাইজ ওলাই আহিবলৈ আহ্বান চলচ্চিত্ৰ লগত জড়িত শিল্পী কলা-কুশলীৰ।

E-Paper

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: