অসম

এমাহ ধৰি সন্ধান নাই নিমাতীৰ টুনটুন সিঙৰ

সংবাদদাতা, বাহনা : যোৱা ১২ এপ্ৰিল তাৰিখৰ পুৱতি নিশাৰ পৰা নিমাতী ঘাটৰ সমীপত স্থায়ীভাৱে বসবাস কৰি থকা ললন সিঙৰ ভাতৃ  টুনটুন  সিং ( ৪৪ )নামৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে শিক্ষিত  ব্যক্তিজন আজি বহু বছৰ ধৰি বিহাৰৰ

পৰা আহি  পৰিয়ালৰ লোকৰ লগত জীৱন অতিবাহিত কৰি আছিল।  ব্যক্তিজন  মানসক  আৰু শাৰিৰীকভাৱে কিছু দুৰ্বল  যদিও মাত কথা ভালদৰে ক’ব পাৰে। বৰ্তমান নিমাতীত স্থায়ীভাৱে বসবাস কৰা ললন সিংৰ তৰফৰ পৰা নিমাতী

আৰক্ষী চকীত  ব্যক্তিজন নিৰুদ্দেশ হোৱা অৱগত কৰিছে যদিও বাতৰি লিখা মুহূৰ্তলৈকে ব্যক্তিজনৰ কোনো সম্ভেদ পোৱা নাই । কোনো লোকে ব্যক্তিজনৰ সম্ভেদ পালে  ৯১০১৭৫২০৮৩  ভ্ৰাম্যভাষযোগে খবৰ দিবলৈ  পৰিয়ালৰ লোকে আহবান জনাইছে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: