অসম

পুৰণিগুদামত বাইকৰ খুন্দাত নিহত পথচাৰী

সংবাদদাতা, পুৰণিগুদাম : নগাঁও  জিলাৰ চামগুৰি  আৰক্ষী   থানাৰ  অন্তৰ্গত   ৩৭  নং  ৰাষ্ট্ৰীয়  ঘাইপথৰ  কাষৰ   পুৰণিগুদাম  ভীমৰ গাঁৱত   আজি দিনৰ  প্ৰায়  ১-৩০  বজাত দ্ৰুতবেগী  এখন   বাইকৰ  খুন্দাত   তুলাৰাম  দাস (৬৭ )  নামৰ  এজন  লোক  থিতাতে  নিহত  হয় ।

জানিব  পৰা  মতে ,  এ,এছ   ০২  এ,এফ  ১৯৮৬   নম্বৰৰ  বাইকখনত  এগৰাকী  যুৱতীসহ  এজন  যুৱকে  চামগুৰি  অভিমুখে  আহি  থকা  অৱস্থাত   ভীমৰ  গাঁৱত  পথ পাৰ  হ’বলৈ    বিচৰা  পথচাৰী  তুলাৰাম   দাসক   খুন্দা  মাৰে । যাৰ  ফলত  থিতাতে  লোকজনৰ  মৃত্যু  হয় ।  দুৰ্ঘটনাটোত   যুৱতী  আৰু  বাইক  আৰোহীজনো   আহত  হয় ।

আহত  দুয়োজনকে  পুৰণিগুদাম  আৰক্ষী  চকীৰ  আৰক্ষীয়ে  উন্নত  চিকিৎসাৰ  বাবে  নগাঁও  অসামৰিক  চিকাৎসালয়ত   ততালিকে  ভৰ্তি  কৰায় । উল্লেখ্য  যে, চাৰিলেনযুক্ত  পথ  নিৰ্মাণৰ  কাম  চলি  থকাৰ  সময়ত   অসাবধান  বশত:  গাড়ী  চলোৱাৰ  ফলতেই   দৈনিক এনেধৰণৰ  ঘটনা  সংঘটিত  হৈ  আহিছে ।গতিকে    শীঘ্ৰেই  চাৰিলেনযুক্ত  পথ  নিৰ্মাণ  সম্পূৰ্ণ  কৰিবলৈ  ৰাইজে  দাবী  জনাইছে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: