ক্ৰীড়া

T20 আৰু এদিনীয়াৰ অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে! ৰোহিত শৰ্মা হ’ব নেকি কোহলীৰ উত্তৰসূৰী?

ভাৰতীয় ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়ক বিৰাট কোহলীয়ে শীঘ্ৰেই এদিনীয়া আৰু টি-২০ৰ অধিনায়ক পদ ত্যাগ কৰিব। টি-২০ বিশ্বকাপৰ ঠিক পিছতে কোহলীয়ে এই দুই ফৰ্মেটৰ পৰা অধিনায়কৰ পদ ত্যাগ কৰিব আৰু আই পি এলৰ আটাইতকৈ সফল অধিনায়ক ৰোহিত শৰ্মাই এই দুই ফৰ্মেটৰ দায়িত্ব ল’ব।

অৱশ্যে, সোমবাৰে বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমেলে এই খবৰ অস্বীকাৰ কৰি কয় যে, বিৰাট কোহলী তিনিওটা ফৰ্মেটতে অধিনায়ক হৈ থাকিব আৰু এনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই য’ত অধিনায়কত্বৰ বিকল্পৰ বিষয়ে আলোচনা কৰা হৈছে।

“এয়া অসত্য খবৰ। তেনেকুৱা একো হোৱা নাই। মেডিয়াই হে এই বিষয়ে চৰ্চা কৰিছে। বিচিচিআইয়ে অধিনায়কত্ব সম্পৰ্কত বিষয়ত একো আলোচনা কৰা নাই। বিৰাট সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে থাকিব। এই সিদ্ধান্ত গ্ৰহণৰ বাবে তেনে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই,” অৰুণ ধুমেলে আইএএনএছক কয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: