অসম

ড° হিমন্ত বিশ্ব শৰ্মাই হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী !

কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আজি পুৱা বিশেষ বিমানযোগে দিল্লীলৈ ৰাওনা হৈছিল ভাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। দুয়োগৰাকী ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা একেখন বিমানতে দিল্লীলৈ উৰা মাৰি কেইবাখনো বৈঠকত

কেন্দ্ৰীয় নেতৃত্বৰ স’তে অংশগ্ৰহণ কৰে। হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে তৰংগ গগৈ আৰু পিয়ুষ হাজৰিকাই। আনহাতে সৰ্বানন্দ সোণোৱালক সংগ দিয়ে বিধায়ক বিমল বৰাই। দিল্লীত জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকতে চূড়ান্ত হয় অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।

ইতিমধ্যে পৃথকে পৃথকে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ বৈঠক সম্পন্ন হৈছে। বৰ্তমান অসমৰ দুয়োগৰাকী নেতাক একেলগে বহুৱাই কেন্দ্ৰীয় নেতৃত্বই পৰ্যালোচনা কৰি আছে

যদিও কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিছে, কাইলৈ বিধায়িনী দলৰ বৈঠকতহে মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে। অৱশ্যে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বাব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

সৰ্বানন্দ সোণোৱালে দিল্লীত জেপি নাড্ডাৰ স’তে বৈঠকত মিলিত হোৱাৰ পূৰ্বে গাড়ীত গৈ থাকোতে সাংবাদিকলৈ নমস্কাৰ দি সোমাই গৈছিল কিন্তু ওলাই আহোতে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীত জেপি নাড্ডাৰ স’তে বৈঠকত মিলিত হোৱাৰ পূৰ্বে গাড়ীত গৈ থাকোতে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল কিন্তু বৈঠকৰ অন্ততঃ শৰ্মাৰ চল-চালনতেই সকলো কথা স্পষ্ট হৈ পৰিছে।

Show More

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: